সমললৈ যাওক

বহুভাষাবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


বহুভাষাবাদ (ইংৰাজী: multilingualism) হৈছে কোনো ব্যক্তি, গোষ্ঠী বা নিৰ্দিষ্টসংখ্যক লোকে কৰা এটাতকৈ অধিক ভাষাৰ ব্যৱহাৰ। বৰ্তমান পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় অৰ্ধসংখ্যক লোক বহুভাষিক।[1]

বহুভাষিকতা সমাজ ভাষাবিজ্ঞানৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ অধ্যয়নৰ বিষয়। সাধাৰণ অৰ্থত এজন মানুহে দুটাতকৈ অধিক ভাষা কব পৰা দক্ষতাকে বহুভাষিকতা বোলা হয়। ব্যক্তিগত জীৱন আৰু সমাজ জীৱম একে নহয়। ব্যক্তিগত বা ঘৰুৱা জীৱনৰ বাবে মানুহক ভাব প্ৰকাশ কৰিবলৈ দুটা বা ততোধিক ভাষাৰ প্ৰয়োজন সততে নহয়। কিন্তু সামাজিক জীৱনত বহুভাষিক অঞ্চলত বসবাস কৰা মানুহে ভাবৰ আদান-প্ৰদান কৰিবৰ বাবে দুটা বা ততোধিক  ভাষাৰ প্ৰয়োজনীয়তা আহি পৰা দেখা যায়। ফলত আনুষ্ঠানিক বা অনানুষ্ঠানিকভাৱে সেই অঞ্চলৰ মানুহে দুটা বা ততোধিক ভাষা শিকি ভাব প্ৰকাশ কৰিব পৰা দক্ষতা অৰ্জন কৰি লয়। এনে লোকক বহুভাষী বোলা হয়। কেইবাটাও ভাষা শিকা বা কোৱাৰ দক্ষতা বা গুণকে বহুভাষিত্ব বোলা হয়।

এটা জনসমষ্টিৰ কোনো এজন লোকে নিজৰ জীৱনৰ লক্ষ্যক বাস্তবায়িত কৰিবৰ কাৰণে বহুভাষী হোৱা দেখা যায়। এনে বহুভাষিত্বক ব্যক্তিগত বহুভাষিত্ব বোলা হয়। কিন্তু বহুভাষিক অঞ্চলবিশেষত বসবাস কৰা বহু ভাষিক জনগোষ্ঠী বা জনসমষ্টিয়ে ৰাজহুৱা জীৱন, শৈক্ষিক জীৱন, ব্যৱসায়িক জীৱনৰ উদ্দেশ্য সম্পূৰ্ণ কৰিবৰ কাৰণে স্বভাৱতে দুটা বা ততোধিক ভাষা পৰিৱেশৰ লগত কৰা মিলা-মিছাৰ মাধ্যমেৰে আপুনা-আপুনি শিকি লবলৈ সক্ষম হয়। এনে বহুভাষিত্বক সমষ্টিগত বহুভাষিত্ব বোলা হয়। অৰ্থাত বহুভাষিত্ব দুই প্ৰকাৰৰ। ব্যক্তিগত বহুভাষিত্ব আৰু সমষ্টিগত বহুভাষিত্ব।

আমি জানো যে অসম এখন বহুভাষিক ৰাজ্য। অসমীয়া এই ৰাজ্যৰ ৰাজ্যভাষা। অসমীয়া ভাষা এই ৰাজ্যত কেৱল মাতৃভাষীসকলেই ব্যৱহাৰ নকৰে। এনে বহুত ভাষিক জনগোষ্ঠী আছে যিবিলাকে নিজৰ ভাষা কোৱাৰ উপৰিও অসমীয়া ভাষা সামাজিক জীৱনত ব্যৱহাৰ কৰি প্ৰাকৃতিক আৰু সমষ্টিগত দ্বিভাষিত্ব গ্ৰহণ কৰিছে। লক্ষণীয় যে অসমৰ শিক্ষানীতিত তিনিটা ভাষা শিকাটো বাধ্যতামূলক। অনাঅসমীয়া মাতৃভাষী লোকৰ বাবে ই চাৰিটা ভাষা শিকাৰ দৰে হয়গৈ। উদাহৰণ স্বৰূপে মাতৃভাষা হিচাপে অসমীয়াৰ লগতে হিন্দী আৰু ইংৰাজীও শিক্ষানীতি মতে শিকিবলগীয়া হয়। মাতৃভাষা অসমীয়া নোহোৱাসকলে মাতৃভাষা জনাৰ উপৰিও অসমীয়া, হিন্দী, ইংৰাজী শিকি চাৰিটা ভাষাৰ জ্ঞান অৰ্জন কৰে। এনেদৰে তেওঁলোক বহুভাষী হৈ পৰে। এই দুটাতকৈ বেছি ভাষা জনা আৰু কোৱা পৰিৱেশটোৱেই বহুভাষিকতা।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]